Botanix - গছ-গছনিৰ বিষয়ে এটা জাননী কাকত

Botanix অসমীয়া

ভাৰতীয় বীচ গছ Pongamia pinnata

ছবি

Pongamia pinnata

ভাৰতীয় বীচ গছ Pongamia pinnata (আন আন স্থানীয় নাম বিলাক হ’ল: হোঙ্গে ট্রী, পোঙ্গাম ট্রী, পানীগ্রাহী) হ’ল এক প্রকাৰ প‌র্ণমোচী গছ, প্রায় ১৫-২৫ মিটাৰ মান দীঘল হয়, আৰু Fabaceae জাতীয় উদ্ভিদৰ অন্তর্গত। ইয়াৰ দীর্ঘ অগ্রভাগত বহুতো বগা, গোলপীয়া, কজলা বৰণৰ সৰু সৰু ফুল থাকে। এই বিধ উদ্ভিদৰ উৎপত্তি স্থান হ’ল ভাৰতবর্ষ, কিন্তু বেছিকৈ ইয়াক পোৱা যায় দক্ষিন-পূর্ব এচিয়াত।

Pongamia pinnata এটা কঠিন গ্রীষ্মকালিন গছ, ৰ’দ আৰু তাপৰ পৰা ৰক্ষা কৰে। ডাঙৰ ডাঙৰ শিপা,কান্ড যুক্ত এই বিধ গছক ধন্যবাদ, খৰকালীত এই বিধ গছ খুব কামত আহে। সাধাৰনতে এই গছ বালি বা পথৰুৱা মাটিত উপজে, আনকি চূনামাটিতো উপজে, কিন্তু খেতি কৰিবলৈ হ’লে এই বিধ উদ্ভিদ যি কোনো মাটিতেই আনকি নিমখ মাটিতো হয়।

প্রায়েই শুকান অঞ্চলত এই বিধ গছ গজে আৰু ইয়াক প্রাকৃতিক মনোমোহা দৃশ্যৰ বাবে, বতাহৰ দিক পৰিবর্তনৰ বাবে বা ছাঁৰ বাবে ব্যবহৃত হয়। ইয়াৰ ছাল বিলাকৰ দ্বাৰা ৰঁছা আদি তৈয়াৰ কৰা হয় আৰু ইয়াৰ ক’লা গাম বিলাক দৰবৰ দৰে কাম কৰে বিশেষকৈ যেতিয়া কোনো বিষাক্ত মাছে কাৰোবাক কামোৰে তেতিয়া ।

ইয়াৰ শিপা বিলাকে নাইট্রোজ়েন গেছটোক জীবক্রীয়াজনিত পদ্ধতিৰে বতাহৰ নাইট্রোজ়েন (N2) গেছটোক NH4+ সলনি কৰে (এই ধৰনে নাইট্রোজ়েন গছ-গছনিৰ বাবে কামত লাগে)। এই দৰেই যিবিলাক মাটি সাৰুৱা নহয় সেই বিলাক ঠাইৰ মাটিত এই বিধ গছ কামত আহে। যদিও গোটেই গছটোয়েই বিষাক্ত, তথাপি এই গছৰ ৰস আৰু তেল এন্টিচেপ্টিকৰ কাম কৰে। ইয়াৰ বীজ বিলাক লেম্পৰ তেল হিচাবে, চাবোন বনোয়াত বা বায়ো ডিজেল আদি তৈয়াৰ কৰাত ব্যৱহৃত হয়।

ওচৰস্থ লেখনি: Parajubaea torallyi তাল গছ (পাল্মা চীকো, বলিভিয়ান পাহাৰী নাৰিকল) »»»

দেওবাৰ 28.2.2010 20:32 | ছপা | বিদেশী গছ-গছনি

KPR ৰ বিষয়ে

KPR - গা‌‌‌র্ডেনীয়ার্চ ক্লাব শ্লোভাকীয়া
KPR - গার্ডেনীয়ার্চ ক্লাব হ’ল বাগিচা বিলাকৰ এটা আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠান। অধিক জানক
গছ-গছনি গজাবলৈ হলে আপোনাৰ অভিজ্ঞতা খিনি ভগাই লওক। বাগিচাৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, গছ-গছনি গজাবলৈ হলে প্রয়োজনীয় জ্ঞান সহ এখন ৰচনা লিখক আৰু আপোনাৰ নিজা ভাষাত জার্নাল Botanix ৰ আমাৰ নিজা বিভাগত তাক প্রকাশ কৰক! আমাৰ লগত অন্যান্য বিষয়ে জানিবলৈ হলে যোগাযোগ কৰক।