Botanix - গছ-গছনিৰ বিষয়ে এটা জাননী কাকত

Botanix অসমীয়া

সকলো ৰচনাৰ সংৰক্ষনাগাৰ

এই Botanix ত আপুনি সকলো লাগতিয়াল ৰচনা বিলাক পাব যাক লিখা হৈছে অসমীয়া ভাষাত।

Category: সকলো গছ-গছনি গজাৰ বিষয়ে নির্দেশ তাল গছ দৌলাকৃতি পানী আৰু জলজ গছ বিদেশী গছ-গছনি

Author:

বিভাগ: বিদেশী গছ-গছনি

বিদেশী গছ-গছনি

ব্রেডফ্রুট আর্টোকার্পাচ ওডোৰেটিচিমাচ, মাৰাঙ্গ

জেনাচ Breadfruit (Artocarpus) ৬০ টা বিভিন্ন প্রকাৰৰ চিৰ সেউজীয়া ক্রান্তীয় অঞ্চলৰ গছ যিবোৰ Moraceae জাতীয় উদ্ভিদৰ (মালবাৰী পৰিয়াল বা আলংকাৰীক পৰিয়াল) অন্তর্গত। দক্ষিন পূর্ব এচিয়া আৰু প্রশান্ত মহাসাগৰিয় অঞ্চলত এই বিধ গছ পোৱা যায়। ব্রেডফ্রুট উদ্ভিদৰ Ficus (আলংকাৰীক গছ) ৰ লগত বহুত মিল আছে। অধিককৈ খেতি কৰা বিধ হ’ল Artocarpus altilis। অন্য বহু বিধ উদ্ভিদ যেনে Artocarpus communis, Artocarpus integer (Cempedak), Artocarpus heterophyllus (Jackfruit, Nangka) আৰু Artocarpus odoratissimus (Marang) এই ব্রেডফ্রুট পৰিয়ালৰ অন্তর্গত।

সোমবাৰ 8.3.2010 14:05 | ছপা | বিদেশী গছ-গছনি

বীজৰ পৰা আম উৎপন্ন

আপুনাক অতিকৈ উত্তম ফলন পাবলৈ হলে নতুন আৰু স‌ব‌ল বীজ সিঁচিব লাগিব। বীজ বিলাক‌ক‌ পানীত ভাল‌কৈ তিয়াঁই লৈ প্রায় ২০-২৫°C তাপমাত্রাত অন্ততঃ ২-৬ ঘন্টা মান ৰাখিব লাগে।

দেওবাৰ 7.3.2010 21:04 | ছপা | বিদেশী গছ-গছনি, গছ-গছনি গজাৰ বিষয়ে নির্দেশ

কালিমান্টান আম, কস্তুৰি (Mangifera casturi)

কালিমান্টান আম (Mangifera casturi) বা স্থানীয় ভাষাত কস্তুৰী হ’ল এটা গ্রীষ্মকালীন ফলৰ গছ যি প্রায় ১৩-৩০ মিটাৰ মান দীঘল হয় যাক খুব সামান্য অঞ্চলতেই পোৱা যায়, বিশেষকৈ দক্ষিন বর্নেইত (ইন্দোনেচিয়া)বানজাৰমেচিন অঞ্চলত পোৱা যায়। আজিকালি কাঠৰ অবৈধ চোৰাকাৰবাৰীৰ বাবে যদিও গছৰ সংখ্যা কমিছে, তথাপি কেতিয়াবা কেতিয়াবা ইয়াৰ অতি ধুনীয়া সোৱাদৰ বাবে মানুহে খেতি বাতি কৰাৰ ফলত এই বিধ গছ এতিয়াও লুপ্ত হোৱা নাই।

শুক্রবাৰ 5.3.2010 19:57 | ছপা | বিদেশী গছ-গছনি

ইন্দোনেচীয়াৰ আম

ইন্দোনেচীয়াৰ বর্নিও দ্বীপত প্রায় ৩৪ টা প্রাজাতীৰ আম গছ আছে (Mangifera) যিবিলাকৰ মাটিত আপুনা আপুনি উৎপত্তি হৈছে। ইয়াৰে কিছুমান আকৌ সচাঁকৈয়েই আজি ধবংসৰ পথত, কিয়নো হাবি কাটি চাফা কৰা হৈছে। আন কিছুপ্রকাৰ আম হ’ল যেনে কালিমাণ্টো আম (Mangifera casturi) প্রায় লুপ্ত অৱস্থা পাইছেগৈ।

বর্নিওৰ আন কিছুমান উল্লেখযোগ্য আম গছ বিলাক হ’ল Mangifera griffithi (যাক স্থানীয় ভাষাত কোৱা হয় : আচিম ৰাবা আৰু ৰোমিয়ান), Mangifera pajang (আচিম পায়াং), Mangifera quadrifida (আচিম কিপাং) আৰু Mangifera torquenda (আচিম পুতাৰান)।

মঙ্গলবাৰ 2.3.2010 14:52 | ছপা | বিদেশী গছ-গছনি

ভাৰতীয় বীচ গছ Pongamia pinnata

ছবি

Pongamia pinnata

ভাৰতীয় বীচ গছ Pongamia pinnata (আন আন স্থানীয় নাম বিলাক হ’ল: হোঙ্গে ট্রী, পোঙ্গাম ট্রী, পানীগ্রাহী) হ’ল এক প্রকাৰ প‌র্ণমোচী গছ, প্রায় ১৫-২৫ মিটাৰ মান দীঘল হয়, আৰু Fabaceae জাতীয় উদ্ভিদৰ অন্তর্গত। ইয়াৰ দীর্ঘ অগ্রভাগত বহুতো বগা, গোলপীয়া, কজলা বৰণৰ সৰু সৰু ফুল থাকে। এই বিধ উদ্ভিদৰ উৎপত্তি স্থান হ’ল ভাৰতবর্ষ, কিন্তু বেছিকৈ ইয়াক পোৱা যায় দক্ষিন-পূর্ব এচিয়াত।

দেওবাৰ 28.2.2010 20:32 | ছপা | বিদেশী গছ-গছনি

KPR ৰ বিষয়ে

KPR - গা‌‌‌র্ডেনীয়ার্চ ক্লাব শ্লোভাকীয়া
KPR - গার্ডেনীয়ার্চ ক্লাব হ’ল বাগিচা বিলাকৰ এটা আন্তঃৰাষ্ট্রীয় প্রতিষ্ঠান। অধিক জানক
গছ-গছনি গজাবলৈ হলে আপোনাৰ অভিজ্ঞতা খিনি ভগাই লওক। বাগিচাৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, গছ-গছনি গজাবলৈ হলে প্রয়োজনীয় জ্ঞান সহ এখন ৰচনা লিখক আৰু আপোনাৰ নিজা ভাষাত জার্নাল Botanix ৰ আমাৰ নিজা বিভাগত তাক প্রকাশ কৰক! আমাৰ লগত অন্যান্য বিষয়ে জানিবলৈ হলে যোগাযোগ কৰক।