ব্রেডফ্রুট আর্টোকার্পাচ ওডোৰেটিচিমাচ, মাৰাঙ্গ
জেনাচ Breadfruit (Artocarpus) ৬০ টা বিভিন্ন প্রকাৰৰ চিৰ সেউজীয়া ক্রান্তীয় অঞ্চলৰ গছ যিবোৰ Moraceae জাতীয় উদ্ভিদৰ (মালবাৰী পৰিয়াল বা আলংকাৰীক পৰিয়াল) অন্তর্গত। দক্ষিন পূর্ব এচিয়া আৰু প্রশান্ত মহাসাগৰিয় অঞ্চলত এই বিধ গছ পোৱা যায়। ব্রেডফ্রুট উদ্ভিদৰ Ficus (আলংকাৰীক গছ) ৰ লগত বহুত মিল আছে। অধিককৈ খেতি কৰা বিধ হ’ল Artocarpus altilis। অন্য বহু বিধ উদ্ভিদ যেনে Artocarpus communis, Artocarpus integer (Cempedak), Artocarpus heterophyllus (Jackfruit, Nangka) আৰু Artocarpus odoratissimus (Marang) এই ব্রেডফ্রুট পৰিয়ালৰ অন্তর্গত।
সোমবাৰ 8.3.2010 06:05 | ছপা | বিদেশী গছ-গছনি
বীজৰ পৰা আম উৎপন্ন
আপুনাক অতিকৈ উত্তম ফলন পাবলৈ হলে নতুন আৰু সবল বীজ সিঁচিব লাগিব। বীজ বিলাকক পানীত ভালকৈ তিয়াঁই লৈ প্রায় ২০-২৫°C তাপমাত্রাত অন্ততঃ ২-৬ ঘন্টা মান ৰাখিব লাগে।
দেওবাৰ 7.3.2010 13:04 | ছপা | বিদেশী গছ-গছনি, গছ-গছনি গজাৰ বিষয়ে নির্দেশ
বৰফ সহ্য কৰিব পৰা তাল গছ ৰাপীড’ফিলাম হিষ্ট্রীক্স (Rhapidophyllum hystrix)
Rhapidophyllum hystrix
Rhapidophyllum hystrix হ’ল অতিকৈ বৰফ সহ্য কৰিব পৰা এক প্রকাৰ তাল গছ। ৰাপীড’ফিলামৰ অন্তর্গত এই বিধ মাথোন
কালিমান্টান আম, কস্তুৰি (Mangifera casturi)
কালিমান্টান আম (Mangifera casturi) বা স্থানীয় ভাষাত কস্তুৰী হ’ল এটা গ্রীষ্মকালীন ফলৰ গছ যি প্রায় ১৩-৩০ মিটাৰ মান দীঘল হয় যাক খুব সামান্য অঞ্চলতেই পোৱা যায়, বিশেষকৈ দক্ষিন বর্নেইত (ইন্দোনেচিয়া)বানজাৰমেচিন অঞ্চলত পোৱা যায়। আজিকালি কাঠৰ অবৈধ চোৰাকাৰবাৰীৰ বাবে যদিও গছৰ সংখ্যা কমিছে, তথাপি কেতিয়াবা কেতিয়াবা ইয়াৰ অতি ধুনীয়া সোৱাদৰ বাবে মানুহে খেতি বাতি কৰাৰ ফলত এই বিধ গছ এতিয়াও লুপ্ত হোৱা নাই।
শুক্রবাৰ 5.3.2010 11:57 | ছপা | বিদেশী গছ-গছনি
খাচী পাইন (Pinus kesiya)
খাচী পাইন (Pinus kesiya) এচিয়াৰ এবিধ অতি দ্রুত বাঢ়িব ধৰা এক প্রকাৰ উদ্ভিদ, যাক খেতি-পথাৰৰ বাহিৰে বেছি দেখা নেযায়। এই বিধ গছ প্রায় ৩০-৩৫ মিটাৰ মান দীঘল হয়, কান্ডটো প্রায় ১ মিটাৰৰ ব্যাসার্দ্ধৰ হয়। প্রত্যেকটো শাখাৰ তিনিটাকৈ কাঁইট থাকে-প্রত্যেকটো প্রায় ১৫-২৫ চেমি. মান দীঘল হয়। এই বিধ গছৰ ফল বিলাক (জোঙ) প্রায় ৫ ৰ পৰা ৯ চেমি. মান দীঘল হয় আৰু ইয়াৰ বীজ বিলাক ১.৫ ৰ পৰা ২.৫ চেমি. মান দীঘল হয়।
KPR ৰ বিষয়ে
গছ-গছনি গজাবলৈ হলে আপোনাৰ অভিজ্ঞতা খিনি ভগাই লওক। বাগিচাৰ বিষয়ে, গছ-গছনিৰ বিষয়ে, গছ-গছনি গজাবলৈ হলে প্রয়োজনীয় জ্ঞান সহ এখন ৰচনা লিখক আৰু আপোনাৰ নিজা ভাষাত জার্নাল Botanix ৰ আমাৰ নিজা বিভাগত তাক প্রকাশ কৰক! আমাৰ লগত অন্যান্য বিষয়ে জানিবলৈ হলে যোগাযোগ কৰক।